বসন্তৰ বাউলী প্ৰিয়া



শীতৰ ঠৰঙা লগা সময়ক 
বিদায় দি
এসোপা সেউজীয়া সপোনৰ বুকুচাত আহে
প্ৰগলভা বসন্ত
লগত লৈ আহে প্ৰকৃতিক
ৰঙীন ৰঙেৰে বুলোৱা সীমাহীন চিত্ৰ ।

বোকা মাটিৰ মতলীয়া সুৱাস
উলোন্দা আকাশক বলিয়া কৰা বাউলী বতাহ
বতাহত প্ৰাণ আহে
প্ৰাণত উশাহ
আৰু উশাহত আশা বোৰে 
এটি বালিমাহী চৰাই হৈ দেও দি নাচে....


শুকান পথাৰ খনে দেখে উৰ্বৰা হোৱাৰ সপোন
সগৰ্ভা হোৱাৰ হেপাঁহত খৰশ্ৰুতা ততিনীৰ
উন্মনা নাচোন
কৃষকৰ মুখত ফুটি উঠে বনগীতৰ অমিয়া সুৰ
কাণত অহৰহ বাজি থাকে
পথাৰৰ ৰাগি লগা এটি চিনাকি সুৰ ।

হয়,মই বসন্তৰ বাউলী প্ৰিয়া
কেতেকীৰ বিননিটো পুনঃমিলনৰ প্ৰতিশ্ৰুতি
বিচাৰি পায় আনন্দত নাচে এধানি হিয়া
হুমুনিয়াহত পৰিণত হোৱা আশা বোৰে যেন
এতিয়াই 
টগবগীয়া এটি সপোন হৈ আল্পনা আঁকে
পুনৰ জীৱন যুজত জয়ী হোৱাৰ.....।
          
                                                                ✍ দীপিকা

                ***********************

Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া