প্ৰিয়তম সখা মোৰ

প্ৰিয়তম সখা মোৰ




সুখ-দুখ ,বিপদ-আপদৰ বেলিকা 
সংগী হৈ তুলি ধৰে যি
সেয়া সখা মোৰ
যাৰ ডেউকাৰ তলত নিচিন্তকৈ
বাস কৰো
সেয়া সখা মোৰ
কজলা জামুৰ বৰণ লোৱা পোহৰ বোৰটো
ছায়া হৈ সাহস দিয়ে যি
সেয়া সখা মোৰ 
বিস্বাস অবিস্বাসৰ দুমোজাত ৰৈ থকা সময়ত
আস্বাসেৰে আগুৱাই নিয়ে যি
সেয়া সখা মোৰ...

হে , মোৰ প্ৰিয়তম সখা 
বজাই যোৱা তোমাৰ সুৰিয়া বাঁহিৰ
সপ্তসুৰৰ ৰাগ
সেই সুৰৰ তালত তাল মিলাই আগবাঢ়িব
মোৰ বেসুৰা জীৱনে 
প্ৰতিটো সম্ভাৱনাময় বাট...।

      
                       🖎দীপিকা গোহাঁই ফুকন





Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া