শাওণৰ বৰষুণ জাক
ৰিমঝিম বৰষুণ জাকে
` নমাই আনিলে শাওণৰ বতৰা |
কলিয়া মেঘৰ দূত হৈ সাক্ষী দিলে
মেঘালী কলহৰ কাণে ঢলা
শাওণৰ এজাক বৰষুণ ||
বতাহ-ধুমুহা বৰষুণে,বিজুলী
মাহীৰ সতে
উদুলি-মুদুলি, আকাশে
মাদল বায় |
যেন বাৰিষাৰ উৰুকা ঐনিতম গায় |
ভেকুলীয়েও আনন্দত বাৰিষাৰ
ৰাগ টানি টোৰ-টোৰায় ||
শাওণৰ বৰুণ যুগীয়া আকাশত
এতিয়া মেঘৰ সবাহৰ গুম-গুমনী
শাওণৰ এজাক বৰষুণে সেমেকা
পথাৰত নৈপৰীয়া মানুহ জাকৰ
কৃষি জীৱনে সাৰ পালে ||
আলতীয়া বোকাৰ মাজত
একাঁঠু পানী কঁঠীয়া সিঁচি
লহপহীয়া এমুঠি সপোন গজালে
পথাৰ সেউজীয়া ৰোৱনী জাকে ||
সঁজাল ধৰা শস্যৰ পথাৰৰ
শ্যামলীৰ সাজেৰে পুনৰবাৰ
আকাশলৈ মূৰ দাঙি চালে ||
মোৰ বুকুৰ ভিতৰ খনো দেখো
সকলো চেপ-চেপীয়াকৈ
তিতিছে সংগোপনে ||
তথাপিও অনুভৱ হয় খৰাং বতৰত
আমাক সকলোকে লাগে
শাওণৰ বৰষুণ জাক ||
দয়া কৰা প্ৰভু, সজীৱ
ধৰা
বাৰম্বাৰ মিনতি কৰো
নেপাহৰা যেন এই আমাৰ
সুন্দৰ সেউজী ধৰাক ||
✍ আমজিং
দুলীয়াজান
****************************
hundor
ReplyDelete