মহানগৰীৰ প্ৰেম




জীৱনৰ শব্দ বিলাকত
মই হেৰাই যাও
    তোমাৰ কলিজা কপোৱা
 হাঁহিতোৱে মোক আমনি কৰে
 নিশাৰ নিসংগতাৰ মাজত
মোৰ মনৰ আইনাত
ভাহি উঠা তুমি নামৰ
ছবি খনক বহু কথাই কও

বাস্তৱত তুমি বিহীন যান্ত্ৰনাত
চতফতাই ঘূৰি ফুৰো মহানগৰীৰ অলিয়ে গলিয়ে
পদপথত খিল খিলাই 
হাঁহি থকা শিশুতিয়ে
মোক দেখি কান্দোনত চি‍ঞৰে
পাগল আহিছে বুলি 
সিঁহতৰ ভয়বোৰে দেখিলে 
আজি কালি মোৰ 
বহুত ভাল লাগে 
কিয়ো জানো সিঁহতৰ 
ভয় বোৰে মোক 
মনত পেলায় তুমি 
দিয়া যান্ত্ৰনাৰ 
সেই নিচাসক্ত
প্ৰেমৰ বেলাবোৰলৈ 
তেতিয়াই মই
তুমি নামৰ উশাহটোৰ
প্ৰতিধ্বনি শুনো
মোৰ হদয়ৰ
কোনোবা কোণৰ পৰা।
                             
                         


Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া