গৰখীয়া




কোনো গীতিকাৰৰ খণ্ড বাক্যত

নিজস্ব ৰহণ সানি

লৰাটোৱে গাই গ'ল - এটি গান ।

আজি সি নিজৰ সুৰত সুখি ।

হাতত হালোৱা এচাৰি ডাল লৈ গৰু কেইটা

খেদি ঘাঁহনিখনৰ ফালে লৈ গ'ল।

সৌটো গৰখীয়া ল'ৰা।

গৰুকেইটা চৰিবলৈ দি সি কঁকালত নিয়া বাঁহীটিত ফু দিলে... 

লগে লগে কাঠনীখনে কৈ উঠিল - "অই গৰখীয়া কিনো সুৰ বজালি তই"।

নিজম বনৰ মাজৰ নিস্তব্ধ ভংগ কৰি ভাঁহী আহিছে বাঁহীৰ সুৰ।

কৃষ্ণৰ বাঁহীৰ সুৰত গোপীয়ে ভোল গৈ

নাচি থকা বিমোহন দৃশ্যৰ দৰে ৰাসলীলা কৰিবলৈ তাৰ ওচৰত চৰাই এজনীও নাই।

কাৰণ সিযে গৰখীয়া ।

তাৰ সুৰত ভোল গৈ কোনোবাই ৰৈ শুনিছে,কিন্তু তাক

স্বীকৃতি দিবলৈ টান পায়।

তাৰ কোনো বংশগত পৰিচয় নাই? 

তাৰ এটাই পৰিচয় সি গৰখীয়া ।

অসমীয়া সমাজৰ বংশগত পৰিচয়ত

উচ্চ বংশজাত ল'ৰাৰ স্থান আগ।

আই অসমী,

সলনি হ'ল সময় ,সলনি হ'ল যুগ!

কিন্তু সলনি নহ'ল তোমাৰ পৰম্পৰা ,সমাজ নীতি।

এইয়া তোমাৰ দোষ নহয়, দোষ তোমাৰ সন্তানৰ যাৰ কুৎসিত চিন্তাই পলুষিত কৰিছে লুইতৰ দুই পাৰ।

কিয় বহন কৰিছা এনে সন্তানক? 

যাৰ প্ৰয়োজন নাই বৰ্তমান সমাজত।

কি দোষ সেই ল'ৰাটোৰ ? 

কাৰণ সি গৰখীয়া

শদিয়াৰ পৰা ধুবুৰীলৈকে এইয়াই চলি আহিছে।

তুমি তাক প্ৰতিৰোধ কৰিব নোৱাৰানে ?

নিশ্চয় পাৰিবা , এইয়া তোমাৰ ক্ষন্তেকীয়া আত্ম-বিস্মৃতিৰ ফল মাথোন।


                                                                                  শ্যামল


Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া