চিঠি

 

এৰি অহা দিনবোৰ অতীতৰ বুকুত সঁপি দিছোঁ
আজি স্মৃতি বোৰ ৰোমন্থন কৰি
তোমালৈ লিখিছোঁ.....
কাগজৰ পৃষ্ঠাখন শব্দৰে ভৰাই তুলিব পাৰি
কিন্তু! আজিচোন লিখোঁ বুলিও লিখিব পৰা নাই
হাতৰ কলমটি বাৰে বাৰে ৰৈ গৈছে
অনুভৱ বোৰ দুচকুলৈ আহি কাগজত পৰিছে
বহু কথা আছিল তোমাক কবলৈ
পিছে লিখিবই যে পৰা নাই
নিলিখা বোৰো চাগে তুমি বুজিবাই
তোমাৰ সুখ বোৰ মই তোমাৰ অজানিতে
মোৰ জীৱনৰ মোৰ হাঁহি কৰি লম
তুমি যতেই থাকা তোমাৰ দুখ বোৰ
মই মোৰ মাজতেই সামৰি থম
মই টো নোৱাৰিম তোমাক আজি দেখা দিব ....
মোৰ যে সেইদিনাই সকলো শেষ হৈ গল
তুমি আনৰ হোৱা কথাতেই
মোৰ বুকু খনি উকা হৈ ৰল
নোৱাৰোঁ নিলিখো ! মোৰ চিঠি খনি
কালি তোমালৈ ডাকত দিব নোৱাৰোঁ ।

                       Chi Mi Phukon


Comments

Post a Comment

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া