মোৰ অব্যক্ত প্ৰেম



ভালপাওঁ তোমাক
বুজাব নোৱাৰাকৈ
হিয়াত সোমালা 
গুপনে গুপনে পচোৱা হৈ....

মোৰ সাহস নাই জানা তোমাক ক'ব পৰাকৈ
ভয় হয় কিজানিবা অনাদৰ কৰি
গুছি যোৱা বহু দুৰলৈ
ভাৱিলেই বুকু কপি যায় জানা
কেনেকৈ থাকিম মই তোমাক নেদেখাকৈ
সেয়ে ......
ভাৱিছো একো নকওঁ তোমাক
থাকা তুমি তোমাৰ জীৱনৰ লগত
আৰু মই...
মই থাকিম সংগোপনে তোমাৰ ছায়া হৈ...
মোৰ সৰু সৰু সুখৰ তোমাক অংশীদাৰ কৰিম
কিন্তু তোমাৰ দুখ বোৰ মই সামৰিম | 
জানানে..
বৰ কষ্ট হয় অ'
যেতিয়া তোমাক আনৰ লগত দেখো
ভিতৰি ভিতৰি মৰহি পৰো মই
কিন্তু কি জানা
একপক্ষীয় প্ৰেমৰ বোলে বহুত শক্তি
হাঁহি হাঁহি লুকুৱাব পাৰে বুকুৰ বেদনাখিনি..
কেতিয়াবা খুওব খং উঠে তোমালৈ
কিয় নুবুজা তুমি মোৰ মনৰ কথা
কিয়...কিয় নেদেখা মোৰ দুচকুত ভালপোৱাৰ ভাষা
সকলো কথা জানো ক'ব লাগে.....?
অভিমানত মুখ ফুলাই থাকিবৰ মন যায় তেতিয়া
কিন্তু....
সেয়াও যে কৰিব নোৱাৰো মই
তোমাৰ মাতত কি এনে সন্মোহিনী আছে
শুনিলেই পমি যাঁও
ক'লৈ যে উৰি যায় মোৰ খং
ভাৱিয়েই পাৰ নাপাওঁ.....

ফাগুনে লঠঙা কৰা গছজোপাটো থাকে
প্ৰত্যয়, প্ৰত্যাশা আৰু সম্ভাৱনা
মোৰ জীৱনত যে একোৱেই নাই
কোনোদিন নুফুলে তাত ৰঙীন ফুল
কোনোদিন নালাগে জেতুকাৰ বোল...
কোনে জানো কৈছিল 
"তুমি কাৰোবাক ভালপালে এইটো আশা নকৰিবা তেওঁ তোমাক সিমানেই ভাল পাওঁক | মাত্ৰ তুমি অন্তৰেৰে ভালপোৱা"
ক'বলৈ বৰ ভাল জানা
বাস্তৱত কিন্তু বৰ কষ্টকৰ অ'..

সেয়ে মোৰ ভালপোৱাবোৰ ঈশ্বৰক দিছো
সেই প্ৰেমেৰে তেওঁ তোমাক প্ৰতিপাল কৰিব
হিয়া ভৰাই তোমাক আশিৰ্বাদ দিব
সেই আশিৰ্বাদ শিৰত লৈ তুমি
জয়ি হ'বা জীৱন যুজত
আৰু কি জানা
তেতিয়াই এই অব্যক্ত প্ৰেম হ'ব সফল
আৰু মই পাম পূৰ্ণ শান্তি....|

                             দীপিকা গোহাঁই ফুকন


Comments

Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

সপোনৰ দুৱাৰ