সাগৰ



সাগৰ দেখিছা
তাৰ বিশাল বুকুত
কত যে ঢৌৰ লহৰ
মন কৰিছা
দেখি ভাল লগা
এই ঢৌবোৰে কঢ়িয়াই
ইতিহাসৰ কথা
সৰু-বৰ বহুতো
মুকুতা মণিৰে গঠা।
সাগৰৰ ঢৌৱে যেতিয়া
ভৰি দুখনি চু্ৱে
হিমচেচা অনুভূতিবোৰ
বৰফ হৈ গলিবলৈ ধৰে
আশীৰ্বাদবোৰ হিয়া উজাৰি
বৰষুণ হৈ পৰে,
সাগৰ, তুমি সদায় একেদৰেই থাকা
তোমাৰ বুকুত যেন কাহানিও
ধুমুহাৰ সৃষ্টি নহয়
যি ধুমুহাই সহস্ৰজনৰ
জীৱন কাঢ়ি লয়।
তোমাতে কেন্দ্ৰ কৰি
তোমাৰ আশে-পাশে থকা
জীৱ জগতৰ দীৰ্ঘায়ু কামনাৰে....

                  ৰানু দেৱী




Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া