ৰামধেনু


                                                                    @eAnuvab



তোমাৰ আবেলি ৰামধেনুৰ

কি মোহময়ী ৰংৰ খেলা,

তাকে দেখি ল'ৰা-ছোৱালীটিয়ে

পাতিছে তাৰ খেলৰ মেলা।

ত্ৰিজগত পতি সলাই ৰূপ হৰি

কৰালা অমৃত পান মোহিনী হৈ,

আছা ডাঁৱৰৰ আৰেঁ আৰেঁ অদ্ভুত মায়াৰে 

 ৰংৰ পয়োভৰৰ সৈতে বৈ।

পৈণত শিপিনীৰ তাঁতশালত বোৱা

গামোচাত থকা বিবিধ যেন ৰং,

অৰ্ধবৃত্ত হৈ ওলোৱা আকাশত

ডাঁৱৰ তোমাৰ সঙ।

তোমাৰ সৃষ্টিত নাই কোনো অৱকাশ

দেখিছো সৱে ৰংৰ পয়োভৰ ওফন্দাই আকাশ।


                                                                        শ্যামল

Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া