ধৰ্ষণ




উফ্ আৰু কিমান শুনিম
বিৰক্তিকৰ শব্দ !
কচম সৃষ্টিকৰ্তাৰ 
ধৰ্ষণকাৰীসকলে পাওঁক শাস্তি
ভয়ানক দৃষ্টান্তমূলক শাস্তি।
অভিশাপ মানৱৰ
ৰাজপথত অথবা মুকলি ঠাইত
স্ব-চকুৰে দেখা পাওঁক সৱে
ইহঁতৰ কৰ্মফল।

অনেক আশাবাদী আমি সৱে
জঘন্য কৰ্মৰ ফলাফল
সাউৎকৰে বাহিৰ হওঁক
জিলিকি উঠক প্ৰতিচ্ছবি
হয়, ভয়ানক ছবি।
কিমান অপেক্ষা কৰিম
চাওঁতে চাওঁতে নামি আহিছে 
অমানিশা চৌদিশে
শ্ৰৱন ইন্দ্ৰিয় যেন অকামিলা হৈছে
নিলজ্জহঁতৰ অপকৰ্মৰ বতৰা পাই।

ক'ৰবাত জাতিৰ মেৰুদণ্ডস্বৰূপ ডেকা
অভিশপ্ত বুঢ়াও কিছুমান
পিছপৰি থকা নাই এই কৰ্মত
নিজকে লাজ লাগিছে
জীৱশ্রেষ্ঠ হিচাপে ।

আধাফুলা কলিটিৰ দৰে
যৌৱনত ভৰি নিদিওতেই বলি হয়
নিষ্পাপ শিশু 
বলি হয় অচল বুঢ়ীওঁ 
ৰেহাই নাপায় আনকি জন্তুওঁ ।

হিংস্রক জন্তুৰ দৰে
টানি-হিচড়ি যাতনা দিয়াৰ লগতে
মৃত্যুৰ স্বাদ সহস্রগুণ কৰে 
জুই জ্বলাই অথবা ডিঙিটিপি
নৰখাদক অমানুহকেইটাই ।

ধৰ্ষিতাৰ হৃদয় উপত্যকা দ্বিখণ্ডিত হয়
সোনোৱালী সপোন আৰু আশাবোৰ
চূৰমাৰ হয় ক্ষণিকতে
হৃদয় বিদাৰক ক্রন্দ্ন
ভাঁহি উঠে চিৰকাল ।

পাশৱিক অত্যাচাৰ কৰি হত্যা কৰাৰ পিছতো
ভ্রমি ফুৰে মুকলি আকাশৰ তলত
সহ্য নহয় আনকি মাতালৰো
মনুষ্যকুলৰ কলংক কেইটাই
শাস্তি নোপোৱালৈকে 
অশান্ত থাকে এই ধৰা ।

                         
                                      বাহাৰুল ইছলাম(শিক্ষক)



Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া