বৰষাৰ গান




ৰুণজুণ ৰুণজুন নুপূৰৰ ধ্বনি
গিৰগিৰ গিৰগিৰ মাদলৰ ধ্বনি
জাকি মাৰি ওলাই আহে
কোন নাচনী
এয়াচোন বাৰিষাৰ বৰষা ৰাণী...

সেউজীয়াৰ সাজত ৰঙীন বুটা
গুণগুণাই উৰিছে সখীয়তী পখিলা
বতাহৰ সুহুৰিত ওমলে কোন
সৰগৰ পৰী
এয়াচোন বাৰিষাৰ বৰষা ৰাণী...

উত্তাল ঢৌৰ তৰংগত কঁপি উঠে
ততিনীৰ উফন্দা বুকু
ডাৱৰৰ ভাজত সলাজ-লাজে লুকায়
উমাল দিনবন্ধু
কাৰ শীতল স্পৰ্শত প্ৰকৃতিয়ে পাহৰে
প্ৰতিটো দুখ আৰু আঘাতৰ নাম ?

তায়েইচোন বাৰিষাৰ বৰষাৰ গান
তায়েইচোন বাৰিষাৰ বৰষাৰ গান
আফুলন আফুলন হৃদয়ৰ গান...

         
                            দীপিকা গোহাঁই ফুকন


Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া