বানপানী
সৌৱা মোৰ সন্মুখত বব ধৰিছে এখন নদী
দূৰ - দিগন্তলৈ।
খুন্দিয়াব গৈ কোনো সাগৰৰ মোহনাত
বনাইলৈ ব- দ্বীপ।
নামানে বাধা কাৰো, নাথাকে কাৰো বাবে ৰৈ
ভাঙি যাই পাৰ, খহাই লৈ কাষৰ বিৰিখ
দূৰতে ৰৈ চাই কাষৰীয়াই চকুলো টুকে
গামোচাৰ আঁচলতে ; নামি অহা বৰষুণত তিতি।
নকৈ বনোৱা ঘৰৰ ছালত জৰ জৰ কৰে
ভয়তে কপে বুকু।
আহিছে নেকি সেই বান ওচনাই নিবলৈ সকলো মোৰ
থাকিম পুনৰ ক'ত উঠি গৈ আমি
খুৱাম - পিন্ধাম কি মোৰ ল'ৰা কেইটিক ?
পুৱাই ৰাতি, বেলি গৈ উঠে মোৰত
তথাপিও দেখা নাই সূৰুযৰ কেচাঁ হেঙুল
চতু - দিশে ক'লা ডাৱৰৰ বেৰ
প্রাচীৰ হৈ ভবিতব্যতাৰ।
পানীতে বুৰি, হেৰুৱাই সকলো
চাই দূৰলৈ, আহিছে নেকি কোনো
নাও, ফেৰী বা আন কিবা
হাতত গুজি দিবলৈ খুদকণ এমুঠি ।
@ শ্যামল
Comments
Post a Comment