বন্ধুত্ব
আতোলতোল অনুভূতিয়ে
গঢ় দিয়ে বন্ধুত্ব
বন্ধুত্বৰ এনাজৰীডাল
সঁচাকৈয়ে বৰ দৃঢ়
অবিৰত
নৈৰ দৰে বৈ যায় জীৱনত
বিছিন্ন নহয় প্রকৃত বন্ধুত্ব
আজীৱন জগতত ।
হিয়াৰ আমঠু হৈ
সুখ-দুখৰ সমভাগী হয়
শিৰোমণি জ্ঞান কৰে উভয়ে
মুমূৰ্ষু অৱস্থাতো
যৎপৰোনাস্তি প্রয়ায়ৰ
তিলমানো নকৰে অপচয় ।
মিছা বন্ধুত্ব সঘনাই হয়
লাংপাং কথাৰে
উগুল-থুগুল কৰে
হৃদয়ৰ মণিকোঠাত আৱদ্ধ নহয়
যাতনা পৰ্যন্ত কৰি
সাউৎকৰে যায় গুচি
মুছাফিৰ সদৃশ ।
Comments
Post a Comment