খিৰিকীখন খুলি দিছোঁ


খিৰিকীখন খুলি দিছোঁ



বহুদিনৰ মূৰত,
আজি খিৰিকীখন খুলি দিছোঁ।
হিম চেঁচা বতাহজাকে,
জোৰেৰে জোঁকাৰি দিছে,
মোৰ ভগ্ন হৃদয়।
খৰস্ৰোতা নৈৰ দৰে,
বিষাদবোৰ উৰি গৈছে।
সপোনবোৰ কঁপি উঠিল,
স্মৃতিবোৰ নোহোৱাকৈ,
আগবাঢ়ি যাব পাৰিম জানো?
ইমান দিনে সাঁচি ৰখা
মৰমবোৰ.........!!
যাওঁক যাওঁক উৰি... 
বহুদিনৰ মূৰত,
আজি খিৰিকীখন খুলি দিছোঁ।
পাতল পাতল লাগিছে।
হয়তো কাঁইটবোৰ কুমলিল।
চেপাঁ উত্তেজনা বোৰ 
লাহে লাহে নোহোৱা হৈছে।
আৰু চেঁচা বতাহ জাক... ?
চোৱা ম্ই হাঁহিছো...
সেয়ে আজি খিৰিকী খন খুলি দিছোঁ।।

    
       
সীতা দেৱী, বিহপুৰীয়া



Comments

Post a Comment

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া