উদং

 

শাওণৰ পথাৰ বোকাৰ পানীৰে খেলা
ল'ৰালিৰ সেই দিন আজিও আছে মনত ,
দেখি দূৰৰে পৰা মন-হাঁহ উৰুৱাই
ভাঁহি উঠে সপোনৰ দিকচৌ বনত ।
হালৰ যুটিৰ স'তে মৈত উঠি
টানিছিলো কত কঠিয়াৰ ফেৰা,
আঘোণত অতাই যোৱা পথাৰত
সমনীয়াৰ সতে কাটিছিলো নৰা ।
বাৰীয়ে বাৰীয়ে আম-কঠাঁলৰ জুতি লৈ
লভিছিলো কত আনন,
হাঁহি উঠে মনত চিৰিংকে
ঘূৰি ঘূৰি নিজৰ মাজত নিজেই মগন ।
কিন্তু নাই তেতিয়াৰ সুবাস, তেতিয়াৰ ৰং
নাই আজি সেইদিন , বিচাৰিছো কতদিন
অৰঙে দৰঙে ঘূৰি
মনৰ সেই সুবাস ,বতাহত বিয়পিছে
লাগিছে অচিন-অজান
হাতত থাকি গ'ল ৰুৱাৰ সেউজী ৰং
মৈও গ'ল উৱলি ।
নাঙলৰ ফালতো মামৰে ধৰিল
গোঁহালি-ভঁৰাল হৈ ৰ'ল উদং ।



Comments

Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

সপোনৰ দুৱাৰ