তুমি দিয়া চিঠি
মোৰ ডায়েৰীৰ ভাঁজত তুমি দিয়া চিঠি
আৰু মায়াৱী ছবিবোৰৰ আৰ্তনাদ শুনিলো
আজি আকৌ বহু দিন অন্তত,
জানা...!
তুমি লিখা মধুৰ বাণীবোৰে মোক কন্দৱাই হে এৰে !
তুমি তো আজি সুখী নো কলিজা...?
মই তোমাৰ হ'ম বুলি
আশা পথেৰে সদায়েই আগবাঢ়িছিলা
তোমাক মই পাহৰিম বুলি ভয়তে...
কতো না শপথেই খুৱাইছিলা !
কিমান যে বৰ্ণিত আছে তোমাৰ হিয়া ভাষা
মোৰ জখমী মনৰ ৰক্তাক্ত হৃদয়খনত,
হয়তো তুমি নাজানো !
তুমি গুচি গ'লা আনন্দত আৰু মই ক্লান্ত ভাৱনাত
কিদৰেই ৰাখোঁ জীয়াই তোমালৈ দিয়া কথা !
সপোনত উৰিছিলো দুয়ো
কল্পলোকতেই বাস কৰিছোঁ,
বহু চিন্তাতেই যেন কৈছিলা তুমি...
ধুমুহা আহিলে হাতে হাত ধৰিম
বৰষুণ দিলে একেলগেই তিতিম
কষ্ট চুলে একেলগে কান্দিম
দুখ সাগৰত ককবকালে
সাৱটি ধৰি একেলগেই মৰিম !
হয়...!
আজি চকুলোত ভাহিছো
স্মৃতি সাগৰতো ডুবিছো
নাই...!
স্মৃতিৰ বন্তি গছ জ্বলি জ্বলি শেষ হোৱা নাই
যেন কেৰাচিন,পেট্ৰোল পৰা দি
আৰু বেছি হে জ্বলি উঠিছে
গছজোপা লহপহকৈ।
সঁচাকৈয়েই....!
আজি পৃথিৱীখন নিষিদ্ধ লাগে তুমিহীন
কিদৰেই বুজাওঁ....!
ঠিকনা বিহীন যেন হৈ পৰিছে মোৰ জীৱন;
তোমাৰ বাসনা তৃপ্তিৰ
পগলা ভাৱিছিলা হয়তো মোক;
পেলনীয়া আৱৰ্জনা স্বৰূপ
সেই ভাৱিয়েই চাগে মোলৈ
ডাষ্টবিন বনাই দিলা তোমাৰ হৃদয়খনক !
মই গুন্ধোৱা নাই....!
মোৰ প্ৰতি থকা তোমাৰ কিছু ভ্ৰমে
মোক তোমালৈ মৰাশত পৰিণত কৰিছে।
জানা...!
তুমি মোৰ নহলা তাতেই নো কি হ'ল !
তুমি হীনাতো....
জীৱনটো ৰঙীন পৃথিৱী হেনো সেউজ
বহুলোকেই কয়,
মই হে কেৱল ইয়াক উপভোগিবো পৰা নাই।
ভাৱিছিলো তুমি সেউজীয়া গছজোপা হবা
মই তাৰেই ছাঁয়া কোলাত জিৰাম,
কিন্তু নহ'ল...!
সেয়া যে ভাগ্যৰ ফেৰ;
কোনেও কাঢ়িব নোৱাৰে যাক।
হুম..!
তুমি লিখা চিঠি
আৰু ছদ্মবেশী ছবিবোৰে
আজি বহু কথাই শিকায়
মানুহ মানেই মুখা আৰত
সুন্দৰ ভাৱে সঁজোৱা ছন্দে
মায়াৱী যাৰ কথা।
হেজাৰ ছন্দে মুৰ্ছিদা
প্ৰতি বাক্যই কেন্দ্ৰ বিন্দু
তোমাকেই সঁজোৱায়
যাৰ প্ৰতি তুমি আজিও অজ্ঞাত।
মোৰ প্ৰতিটো কথাই
কবিতাৰূপে কান্দে সদায়
এতিয়াও যাৰ চকুলোৰ মূল্য
তোমালৈ নাই,
হয়...!
অবুজ শিশুটিৰ দৰেই শান্ত আছিলো মই
বিনিময়ত প্ৰতিদান হিচাপে চকুলো পালো
উপহাৰ স্বৰূপ তোমালৈ।
যি হ'ল ভালেই কৰিলা !
কেৱল তুমি দিয়া চিঠি বোৰ
আজিও মোক আমনি কৰে
পাহৰি যোৱা নাই তোমাক
ৰক্তমাখা কলিজাটোতেই
আজিও সযতনে ৰাখিছো সঁজোৱাই।
---------------------------
Comments
Post a Comment