প্ৰেম সাগৰৰ প্ৰেমিক
তোমাক দেখিলে অলপ লাজ লাজ লাগে
অলপ ভয় ভয় লাগে
কিন্ত নেদেখিলে আকৌ বেয়া লাগে
আজি কথা পাতিম বুলি ভাবিছিলো
কি সুধিম, কি বুলি কওঁ ?
ভাবোঁতে ভাবোঁতে তুমি গুচি গলা
ইমান দূৰ পোৱাৰ পাছত কি কৰোঁ
পিছফালৰ পৰা চিঞৰি দিলে
আন কোনোবাই কি বুলিব...
নহব আৰু
এনেইতো তুমি বহুত ভালেই যেন লাগিছে
কিবা কৰি যদি কথা পাতিব পাৰিলে...
ৰাতিপুৱা ন’ বাজিছে হে
হে হে হেৰি গুডমৰ্ণিং
ভালে আছে নে...
এনেই কৈ দিলোঁ
তাইৰ ডায়েৰীখন পৰি যাব বুলি জনা হলে
মইতো কেতিয়াও নকওঁ
তাই বা কি ভাবিছে নাজানো
গুড মৰ্ণিং নিদিয়া হলেই ভাল আছিল
কিমান যে মনত গালি পাৰিছে চাগে
চৰী’ বুলি কি দিওঁ নেকি...
তাই কিয় সুধিলে ঘৰৰ ঠিকনা
তাই দেখোন হাঁহি হাঁহি কলে
অ’ গাওঁখন হেনো চিনাকি
কাইলৈ লগ পোৱাৰ আশাৰে
বাই বাই...
কি যে হ’ব...
হাই ডিয়েৰ, হাই মেডাম
অ’কে ইউ আৰ স্মাৰ্ট
ইউ আৰ মাই হাৰ্ট
সন্ধিয়া তোমাৰ কথাখিনি ভাবি
কেতিয়া যে টোপনি গলো গমেই নাপালোঁ
বলা দীঘলীপুখুৰীলৈকে যাওঁ
অলপ কথা পাতোঁ নে কি কোৱা
তোমাৰ হৃদয়খনত মই নজনাকৈ সোমাই গ’লো
এতিয়া তুমি বেয়া পালেও বিদায় নিদিওঁ
তোমাৰ হাতখন দিয়ানা
মোৰ কপালত...
মুখখন চাই থাকিলে কিবা ভাল লাগি যায়
লোৱানা চুমা এটাকে দিওঁ...
ৰ’বাচোন কি যে কৰিছা দেই
বেছি একেবাৰে...
দেখিলে কি ক’ব
তুমি একেবাৰে দুষ্ট হোৱা
ইমানো মৰম কৰিব লাগে নে
তোমাৰ হিয়াখনিত মইয়েই আছোঁ
সদায়ে মৰম কৰিবা আকৌ...
Comments
Post a Comment