গীতৰ তালেৰে

 



কালিৰ গীত আজি গান

সিদিনাৰ সংগীত ,আজি কোলাহল।

সময়ৰ সোঁতত সলনি হৈ জাতিৰ সংস্কৃতি আজি জাতিৰ ধ্বংসক।

গছ-গছনিৰ সৌন্দৰ্য্যৰে ভৰপূৰ বৈচিত্ৰময় পৃথিৱী আজি ওখ ওখ আট্টালিকা আৰু

মানুহৰ ধূসৰ মনেৰে সজা এখন কংক্ৰীট হাবি।

এইবোৰ সলনি হ'বলৈ ডাঙৰ বিস্ফোৰকৰ প্ৰয়োজন নাই।

কালচক্ৰত ই সলনি হৈছে

আৰু সলনি কৰিছো আমি।

হেৰা বন্ধু পাহৰি নাযাবা নিজ মাতৃভাষা পাহৰি নাযাবা নিজৰ পিতৃ সংস্কৃতি সাৱটি লোৱা বন্ধুত্বক চিনি লোৱা শত্ৰু

যিয়ে নিঃশেষ কৰিবলৈ আহিছে

তোমাৰ জাতিক,তোমাৰ স্বদেশক

যি আজি সঁচাকৈ সংকটত উদ্ধাৰ কৰা নিজ মাতৃক উদ্ধাৰ কৰা নিজ পিতৃক।

যিয়ে অপেক্ষা কৰি আছে তোমাৰ বাবে পালন কৰা নিজ দায়িত্ব, 

 সোঁৱৰী লোৱা নিজৰ কতৰ্ব্য।

দেখুৱাই দিয়া নিজৰ শত্তি,কঁপাই তোলা বিশ্ব

সলনি কৰা নিজ জাতিৰ ইতিহাস।

কঁকালত বান্ধি লোৱা টঙালি

দৃঢ় কৰি লোৱা মন ,য'ত হ'ব পাৰে প্ৰাণ ত্যাগ

যি আজি নিজ জাতি স্বাভিমানৰ আগত তুচ্ছ।






Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া