বনৰ চৰাই
বনৰ শালিকা নিয়ৰৰ মুকুতা গছকি
কাহিলী পুৱাতে দিলিহি ভৰি মোৰ পদুলিত,
নিচেই কুমলীয়া পখী ক'ৰ পৰানো
আহিলি পঁজা হেৰুৱাই ।
নন্দন বনত নালাগে নাচি বাগি সুৰ তুলিব
মোৰেই বাগিছা শোভা কৰি থাক ।
পোক পৰুৱা বুটলি খাবি,
দেও দি নাচিবি মোৰ চোতালত ।
তোৰ চিকমিকিয়া কঁজলা পাখিত
চেনেহৰ মালা গাঁঠি,
হালধীয়া কোমল ওঁঠত মোৰ ভাষা দিম
মোৰ ছাঁটো হৈ থাকিবি নে তই বনৰ চৰাই ?
তই পাহৰি পেলাবি বনৰ লগৰীক ,
তোৰ চিৰিক চিৰিক অবুজ ভাষাত
মায়াসনা দুচকুত বিচাৰিম
মই অন্য এখনি পৃথিৱী ।
মোৰ অনুভৱৰ তুলিকাত খোজ দিবি
থুপুক থাপাক কৈ,
শব্দ বিন্যাসত ভুমিকি মাৰিবি স্বৰ্ণপৰী হৈ ।
মাত ফুটিলেই সুধিবি মোক, দিচোনে তোক সৰগৰ সুখ ।
কিনো এনাজৰীৰে বান্ধিলি মোক
পঁজা এৰি ঠাই ললি মন গহনত
দুটি ওঠত গুজি ললি
মৌ সনা অমাতৰ মাত ।
নোৱাৰোএৰিব তোক চেনেহৰ পৰিধি ভাঙি
এই জনমলৈ মোৰ হিয়াতে থাক
আঁজলি শালিকা হৈ ।
কাহানিও নোসোধো তোক সুখত আছনে বুলি,
দিক্চৌ বনত লগৰীয়া এৰি
ক'তনো সুখেৰে থাকিবি
অকলশৰীয়া তই বনৰ চৰাই ।।
************
Comments
Post a Comment