ফুল



পৱিত্ৰতাৰ মূৰ্ত প্ৰতীক ফুল
শান্ত-সৌম্যৰ অৰ্থ বিচাৰি
পৃথিৱীৰ চুক-কোণ চালোঁ পিতপিত
ক'তোৱেই নেপালোঁ সেই অৰ্থৰ সজাগ মূৰ্তি
পালোঁ মাথো ফুল আৰু ফুলনিত

ত্যাগ আৰু বদান্যতাৰ প্ৰতীক ফুল ---
ফুলৰ স'তে কতযে আঁজোৰা-আঁজুৰি 
তথাপি ফুল মানুহৰ প্ৰতি অনুৰক্ত
মানুহৰ প্ৰতিকুলতাত বিশ্বাসৰ গভীৰ আশ্বাস

ধৈৰ্য আৰু সহনশীলতাই ফুলৰ জীৱন
গছৰ লগত ফুলৰ বিয়োজন
নিত্য-নৈমিত্তিক এটা কথা
তথাপি ফুলে কোনোদিন কোৱা নাই,
"মইনো ফুলিম কিয়"

ঋতুৱে ঋতুৱে সেয়ে ফুলে ফুল
কতযে কিমান
এপাহ সৰিলে ফুলে আনপাহ
ধৰণীৰ বুকু শুৱাই

ফুল ফুলে থোপা-থোপে
মানুহৰ অহংকাৰ কৰি থান-বান

ফুলৰো যে কত কি নাম---
গোলাপ, তগৰ, জাপ-তগৰ, শেৱালি, নেৱালি, ভিন্ন ৰঙৰ বনৰীয়া ফুটুকা, কথনা, পলাশ, মদাৰ আৰু কত যে কি
ফুলৰ কথকতাত উজলি উঠে
মানুহৰ বিচিত্র জীৱন পুৰাণ

বিহুৱতীৰ খোপা বুলিলেই
মন দাপোনত জিলিকে ফুলৰ থোপা
পূজা-পাৰ্বণৰ কথা নকলোৱেইবা
মৃতকৰ দেহতো ফুল, ফুল জন্মদিনত
ফুল পুষ্পসজ্জা হৈ বঢ়ায়
বিবাহ-বাহৰৰ শোভা

ফুলে মানুহক কেৱল শিকায় অহোৰাত্ৰি
মানুহে বুজিব নোখোজে  
ফুল-তত্ব মানেনো কি

সেইবাবেই কিহবাই যেন কাঢ়ি নিয়ে
দিন-প্ৰতিদিন মানুহৰ মনৰ স্ফুৰ্তি।।

                                          
                                         ৰানু দেৱী


Comments

Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

সপোনৰ দুৱাৰ