বিষাদ অশ্ৰু



বিষাদৰ বানে উটোৱাই নিওতেই
ক'ৰ পৰা জানোঁ টপককৈ পৰিল
এচেৰেঙা সুখৰ ৰ'দ...

দুচকুত সোৰোপা সপোনে পানীমিথৈ
সজাতেই থাকিল

উলোন্দি থকা মেঘবোৰ দুখৰ কণিকা হৈ
পুনৰ
মোৰ শৰীৰ ব্যাপি পৰিল...

দুখবোৰে দুখকেই সাৱতি
উচুপি উঠিল । 
         
                                     
🙡🙣🙡🙣🙡🙣🙡🙣🙡🙡🙣🙡🙣🙡🙣🙡🙣🙡

Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া