নাৰী তুমি অনন্যা

 
  

                 
বিনিদ্ৰ ৰজনী কটাই
মানুহৰ অভিলষিত প্ৰতাৰণা সহি
আজিও স্থিৰ কাঞ্চনজঙ্ঘা ।
নাৰী সেই কাঞ্চনজঙ্ঘাৰ
শিৰৰ ধৱল কিৰীটি ।

অংশুমালীৰ গোলকীয় উষ্ণতা নহয়;
ই যে গোলকীয় হিংসা-দ্বেষৰ বিৰুদ্ধে
নাৰী মনৰ অসহনীয় উষ্ণতা ।
যি উষ্ণতাই খহাইছে আজি
কাঞ্চনজঙ্ঘাৰ গৌৰৱ কিৰীটি।
সেয়ে আজিৰ সহনশীলা নাৰীৰ
নাম দিব খোজোঁ মই ' জয়মতী ' ।

সাৰস্বত সাধনাত ব্ৰতী অবিশ্ৰান্ত
যি আজিৰ নাৰী
সেই নাৰীৰ নাম ৰাখিছোঁ মই
গাৰ্গী অথবা মৈত্ৰেয়ী  ।

আকাশ-মহাকাশ একাকাৰ কৰি
তথ্যানুসন্ধানত,ডেও দি যি নাৰী
আজিও ফুৰিছে ঘূৰি;
সেই নাৰীৰ নাম দিম মই
সুনীতা উইলিয়ামচ ।

সুৰ-তাল-লয়েৰে কৌটি জনতাৰ
হৃদয়ৰ তাঁৰত ঝংকাৰ তুলি,
সুৰৰ অমিয়া বোঁৱাই থকা
আজিৰ নাৰীৰ নাম দিম মই
কাদম্বৰীৰ বৰপুত্ৰী-লতা ।

ক্ৰীড়াৰ পথাৰত প্ৰলয় নমাই
নামি আহে যেতিয়া তুহিন-সংকল্প
হিমবাহ হৈ
সেয়াযেন স্বদেশলৈ পদকৰ ৰূপত
সোণৰ বোৱতী সুঁতি ।
ক্ৰীড়াশীল আজিৰ প্ৰতি নাৰীৰ নাম
থ'ব খোজোঁ মই হিমা
মাথো হিমা ।

দলিত, ঘৃণাৰ পাত্ৰ আৰু অস্পৃশ্যক
বুকুত সাৱটি ল'ব পৰা
আজিৰ নাৰীক নাম দিম মই
- মাদাৰ টেৰেছা।

দেশ মৰিলে আমিও মৰিম,
এই হুঙ্কাৰ দিব পৰা নাৰী
আমাৰ মাজত আছে আজিও
মৰিলে স্বৰ্গ তৰিলে দেশ,
এই মন্ত্ৰত দিক্ষিত আজিৰ নাৰীৰ
নাম দিম মই- কনকলতা
কিম্বা ঝান্সীৰ- লক্ষ্মীবাই ।

হে নাৰী, তুমি অনন্যা ।
প্ৰতি নাৰীয়েই হওঁক
বীৰ প্ৰসৱিনী 'অঞ্জনা' ।

                               

----------------------------

Comments

Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

সপোনৰ দুৱাৰ