আকৌ এটা ভগ্ন প্ৰেমৰ কাহিনী
কথা পতাৰ হাবিয়াস নাই মোৰ তোমাৰ হতে ।
প্ৰেমৰ বাসনাইও মত্ত কৰা নাই তোমাৰ বাবে ।
তুমি বাৰু সেই বিশ্বাস ঘাতকজন নোহোৱানে !
যি মোৰ হৃদয় খন ভাঙি থৈ গৈছা ।
এটা এটা নতুন কৌশলেৰে এটা এটা নতুন
পৰিঘটনা।অকল মোৰ লগতেই নে আন
কাৰোবাৰ লগতো ! প্ৰশ্ন কৰিবৰ মন নাযায়,
তথাপি ভাঙি থৈ যোৱা হৃদয় খনেও
সহিব নোৱাৰি সুধিছো।
মোৰ হৃদয়ত উঠা জোৱাৰ ভাটাৰ বোৰ
এতিয়া আৰু নাই।কোনো দিন ঘূৰি ও
নাহিব ছাগে ।
আৰু তোমাৰ দৰে অভিনয়ো কৰি যাব নোৱাৰো ।
কেৱল সময়ে সময়ে ভগ্ন হৃদয় খনে
চিঞৰি চিঞৰি কান্দিব বিচাৰে ।
কিন্তু সেই কান্দোনো আজি তোমাৰ বাবে
অচিনাকি হৈ ৰল ।
মনে মনে বহু ভাবিছিলোঁ জানা !
ভাবি থাকোতেই গল।এইবোৰ মনৰ
ভ্ৰম জানা,তোমাৰ দৰে ভণ্ড প্ৰেমিকে
মোৰ দৰে আৰু কাৰ ঠুনুকা হৃদয় ভাঙিছা ।
পাৰিলে এইবোৰ নকৰিবা ।
আনৰ জীৱন লৈ হেতালী নেখেলিবা ।
সকলোৱেইতো মোৰ দৰে হব ।
তেতিয়া তোমাৰ বৰ ভাল লাগিব নহয় !
মই জানো তুমি আন্ধাৰৰ ৰজা,
কোন সময়ত কোন দিশে গতি কৰা নিজেই
নাজানা।চাবা এদিন তুমি ও পিছল খাবা ।
তুমিও প্ৰতাৰিত হবা তোমাৰ দৰে ভণ্ড
প্ৰেমিকাৰ পৰা।তেতিয়া লৈ মোৰদৰে
হৃদয় খন আইনা ভঙা দি ভাঙি
চকনাচুৰ হব।তেতিয়া মই কম
আনৰ হৃদয়ৰ সৈতে খেলা কৰাৰ
পৰিণাম চোৱা ।
Comments
Post a Comment