সেউজীয়া পথাৰ খন ।
তুমি আহিছিলা এদিন
মোৰ আবেগৰ সেউজীয়া পথাৰলৈ ।
সিচি দিছিলা
এবুকু হেঁপাহ, এবুকু মৰম
সাজিছিলো এটি আশাৰ
কাৰেংঘৰ ।
সুৰ এটি বাজি উঠিছিল
তুমি আবেগিক হৈ পৰিছিলা
তোমাৰ ওঁঠ দুটি মৌন হৈ পৰিছিল
আৰু ময়ো আবেগিক হৈ পৰিছিলো ।
এক শিহৰণ অনুভৱ কৰিছিলো দুয়ো
আৰু অন্য এখন পৃথিৱীলৈ
আমি গুছি গৈছিলো ।
এজাক বৰষুণ দিছিল
ধাৰাষাৰ বৰষুণ
সেই বৰষুণৰ প্ৰতিটো টুপালে
আমাক উনমনা কৰিছিল ,
বৰষুণ জাক কমিছিল আৰু
তুমি ও আঁতৰি গৈছিলা
আজিও বিছাৰি নাপালো
মোৰ দিঠকত জীয়া ছবি
এখন আঁকি তুমি
আঁতৰি গ'লা
কিন্তু দি গ'লা মধুৰ স্মৃতি
এতিয়া সেই সমৃতিবোৰৰ সৈতে
মই কথা পাতো
পাহৰিব নোৱাৰো মই
আজিও সেই বৰষুণ জাক নষ্টালজিয়া।
Comments
Post a Comment