অনুভূতি
তোমাৰ কথাবোৰ ভাল লাগে,
সপোনৰ এজাক মিঠা বৰষুণ সৰে ৷
বৰষুণত তিতি খুব ভাল পাওঁ,
"দুখৰ চকুলো বাগৰিলেও
দেখি ৰূপালী মালা সুখৰ" ৷
তোমাৰ কথাবোৰ ভাল লাগে
নিবিড় মায়া সনা,
ভাগৰুৱা পখিটি জিৰাবলৈ
বিচাৰি পাই মনৰ ঠিকনা ৷
তোমাৰ কথাবোৰ ভাল লাগে,
সময়-ঘড়ী উটি যায় কেনিবা;
অপবাদ থকা শিলুৱা হিয়াত
গজি উঠে সেউজীয়া ৷
তোমাৰ কথাবোৰ ভাল লাগে,
তুমি ভাল নাপাওঁ বুলি ক’লেও
বেয়া নালাগিব ৷
গজি উঠিব অপেক্ষাৰ অনন্ত বৃক্ষ,
শুনি থাকিম বতাহত লাগি অহা কথাবোৰ,
শুনিবলৈয়ে ৰৈ থাকিম ৷
তোমাৰ কথাবোৰ ভাল লাগে ৷
Comments
Post a Comment