ব্যস্ততা যেতিয়া অজুহাত হয়


ব্যস্ততা যেতিয়া অজুহাত হয়
সম্পৰ্ক বোৰত ঘূণে ধৰে
সমন্ধৰ তুলাচনিত অবিস্বাস বোৰ ভৰ হৈ পৰে ।
বুকুৱেদি উজাই অহা শব্দবোৰ
মিথ্যাৰ আশ্ৰয়ত বহে ।
মিথ্যাত জানো আস্থা থাকে.....
আস্থাৰ মৃত্যু হ'লে
একেলগে সজতনে বন্ধা ৰজাৰ দ'ল
চপৰা-চপৰকৈ খহে ।

ব্যস্ততাৰ সুৰুঙাই এবাৰ জুমি চাব শিকাচোন
প্ৰত্যাশা ভৰা শব্দবোৰ তোমাৰ অপেক্ষাত ৰ'ব
অমাৱস্যাৰ নিশাবোৰো জোনাকীয়ে পোহৰাব
আতৰিব ধৰা
সৰল নিভঁজুৱা প্ৰেমে
তোমাৰ হৃদয়ৰ অন্তেষপুৰত সুখৰ কাৰেং সাজি
মুকুতাৰ মালা গাঠিব ।  
     
                                     

 %%%%%%%%%%%%%%%%%%%

Comments

Post a Comment

Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

নাৱৰীয়া

সপোনৰ দুৱাৰ