নাবান্ধিবা মোক শিকলিৰে





অভিমান সকলোৱে কৰে 
তুমি বাৰু কিয় ইমান অভিমানকাৰী 
বন্ধ দুৱাৰৰ ভিতৰত ৰাখিলা মোক শিকলিৰে বান্ধি 
ইমান অন্ধকাৰ আছিল কোঠালিটো 
মাথোঁ এডাল মমবাতি 
তাকো আধাপুৰা 
কেতিয়া নুমুৱাই যায় একো ভৰসা নাই 
তোমাৰ অভিমানবোৰ সামৰি
নোৱাৰা জানো আহিব আকৌ ঘূৰি.....?
যদি তুমি পাৰা 
ঘূৰাই দিয়া মোক অতীতৰ স্মৃতি !খং অভিমানবোৰ টোপোলা বান্ধি ।
যদি তুমি পাৰা তোমাৰ হৃদয়ৰ
বন্ধ কোঠালিৰ দিয়া দুৱাৰ খুলি 
অলপ চেচাঁ বতাহ লওঁ 
প্ৰেমৰ সুবাসেৰে 
অলপ উশাহকণ দীঘল কৰোঁ
জীয়াই থকাৰ মানসেৰে ।
প্ৰেম কৰিলে বাৰু কিয় নীৰ বয় 
প্ৰেম যদি সচাঁ হয় 
কিয় আপোন নহয় .....?
ইমান পবিত্ৰ শব্দটি 
যাক গোলাপেৰে আদৰা হয়
কাঁইটবোৰ সেইবাবে আছে নেকি 
মৰমবোৰ যেতিয়া চলনাময়ী হয় 
কাঁইটবোৰত আঘাত পায় 
সেইবাবে প্ৰেম কৰিলে নীৰ 
বাৰে বাৰে বয় ।


                                কল্যাণী ডেকা(নলবাৰী)



Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া