হৃদয়ৰ অনুভৱ



উৰুঙা উৰুঙা হৃদয়ৰ অনুভৱ,
কিবা এটা হেৰুৱাৰ অজুহাতত
সময়বোৰ বাগৰিছে |
অলিখিত প্ৰেম কাহিনী
লিখিবলৈ মোৰ সাহস নাই,
তথাপি লিখিছো কঁপা কঁপা আঙুলিৰে
অনুভূতিবোৰ শিলৰ দৰে কঠিন ।
ভাবিছিলোঁ তোমাৰ মৰমৰ পৰশত
মোৰ বুকুত ফুলিব এপাহি প্ৰেমৰ ৰজনী গন্ধা ।
 তোমাৰ মৰমৰ উষ্ণ আলিংগনত তপত নিশ্বাসত 
বৰফ হৈ গলিব মোৰ মৰমবোৰ হেঁপাহবোৰ  
নালাগে দিয়া অনামী সম্পৰ্ক এটি নাম দিবলৈ ৷
পৰিচয়বিহীন হৈয়ে এটা সুন্দৰ গীত হৈ 
আজীৱন কলিজাত বাজি ৰওঁক তাৰ সুৰ  | 
যদিওবা সাহসে  নুকুলাই তোমাৰ হিয়া 
জাতি-ভেদ, ধনী -দুখীয়া, উচ্চ-নীচৰ প্ৰাচীৰ ভাঙি 
সমাজৰ আগত আমাৰ প্ৰেমৰ সম্পৰ্কে সবল যুক্তি  
দাঙি ধৰি  মোক তোমাৰ আজীৱন
জীৱন লগৰী কৰি ল'বলৈ                                                                
তেন্তে নালাগে থাকক দিয়া    
আমাৰ প্ৰেমক তুমি গোপনে                                               
 ইয়াতেই সমাধিস্থ কৰা ।

                                            
                           স্বৰ্ণালী গগৈ
                                            পূব খুমটাই, গোলাঘাট 
            ---------------------------------

Comments

Post a Comment

Popular posts from this blog

সপোনৰ দুৱাৰ

তোমাক ভাল পাওঁ বাবেই

নাৱৰীয়া