পথাৰত ভুঁই ৰোৱা ছোৱালীজনী




চিঠিখনতে লিখি দিম সময় দিন বাৰ
আহিবানে তুমি দিখৌ নদীৰ পাৰ 
নিজানত বহি আমি কথা পাতিম 
চিকমিক জোনাকত তোমাক
বহুত মৰম যাচিম...

শাওণৰ বতৰত তোমাৰ দেহা
বোকামাটিৰে লুতুৰি-পুতুৰি হৈ
গৈছিলা কঠীয়াৰ ভাৰ তুলি 
তেতিয়াই ভাবিছিলো 
এদিন তোমাক সুধিমেই 
মৰম আছেনে মোলৈ বুলি... 

ময়ো গাঁৱলীয়া লৰা নাঙল ধৰি 
পুৱাতে ওলাওঁ পথাৰলৈ 
তুমি ভুঁই ৰোৱা দেখা পালেই 
মুৰ তুলি চাই থাকো তোমালৈ 
বেয়া নোপোৱা যদি আহিবানে 
অলপ মোৰ কাষলৈ...

তোমাৰ মুখখন দেখিলেই 
ক’ব নোৱাৰোঁ কিয় এনেকুৱা হৈ যায় 
ঘৰলৈ আহিলেও মনটোৱে শান্তি নাপায়

কাইলৈ তোমাৰ পথাৰখন শেষ হব
মোৰো আৰু তিনিদিন মান লাগিব 
তুমি পথাৰত নাহিলে কিন্ত
বৰকৈ কিবা কিবা লাগিব 
একো বুজাবকে পৰা নাই 
কি কৰোঁ ?
তুমিতো মোক এবাৰ হলেও মন কৰিছা ন
পাৰিম নে তোমাক কিবা কবলৈ
অলপ লাজো লাগে 
তোমাৰ পেহীহঁত, খুৰীদেউ, এপাদেৱে
দেখিলে মনত কি ভাবিব  
এনেই মিচাতে তোমাক হে গালি পাৰিব 
পথাৰত আহি কিহৰ চুপতি বুলি যদি কয়,
আয়ৈ তাতোকৈ ভাল 
আমি দিখৌ নদীৰে পাৰতে অকলশৰে বহিম 

তোমাৰ হাতত মোৰ ৰক্তাক্ত কলিজাখন দিম
তুমি অন্তৰ আত্মাক সুধিবা 
ভালপোৱাৰ আনন্দ কিমান 
তুমি বিচাৰিলেই মই সপি দিম 
জীৱনৰ মধুৰ আৱৰণ...

                                                                                     কাটাৰ, ডোহা
-----------------------------

Comments

  1. শাওনৰ ৰুৱনী আৰু ভালপোৱাৰ এক সুন্দৰ সংযোগ

    ReplyDelete

Post a Comment

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া