তপত দুপৰীয়া

তপত দুপৰীয়া


 উচ্চ উঞ্চতাত জ্বলে,
 ভৰ দুপৰীয়াৰ বেলি।
 চকুত জোনাকী নাচে, 
 তপত বোকাত ভৰি। 

ৰোৱনীৰ ঘৰ্মাক্ত দেহাৰে, 
পথাৰৰ সেউজ ধাননি। 
সজাঁল ধৰা কঠীয়াৰ, 
উলাহৰ গুনগুননি। 

বাস্পীভূত পানীৰে, 
আকাশত পানীৰ গাঠনি। 
প্ৰখৰ ৰ'দত চিৰাল ফাঁট মেলে, 
হাহাকাৰ পানী আৰু পানী।

ভৰ দুপৰীয়াৰ ভয়তে, 
কনকন মাছ কেইটাৰ 
দলকেইডালেই আশ্ৰয়স্থলী। 
মুৰৰ পাগুৰী খুলি, 
গছৰ ছাঁ পাওঁ কেনি। 

দুপৰীয়াটোৱে দিনটো দুভাগ কৰিলে, 
পুৱা আৰু আবেলি। 
 যেন বহুদুৰ বাট পুৱাৰ পৰা গধূলিলে, 
 মাজত ক্ষন্তেক জিৰণি। 

                         পাপু শইকীয়া 
                                              চিনাতলী (গোলাঘাট) 
                             
              - - - 000 - - - 

Comments

  1. বহুত বহুত ধন্যবাদ, মোৰ কবিতাটি প্ৰকাশ কৰাৰ বাবে।

    ReplyDelete

Post a Comment

সৰ্বাধিক প্ৰচলিত

কুুুুুুুুুুুলি

নাৱৰীয়া