অপেক্ষা
বেজাৰৰ ডাৱৰ বোৰ গলি গলি
ঝৰ ঝৰ কৈ সৰিছিল
দুচকুৰ পাৰ ভঙা বৰষুণ জাক
বুকু জুৰাবলৈ
এতিয়া পোনাকনো নাই কাষত
ৰঙা নদীৰ বলিয়া বানত
সি ও নোহোৱা হ'ল ।
এতিয়া নিতৌ খিৰিকীত টোকৰ মাৰি
মোক জগোৱা প্ৰভাতি পক্ষীটিৰ কাকলিত শুনো
পোনাকনৰ মাত,
তাৰ ধেমালিত তাকেই দেখাপাওঁ
বুকুৰ হেঁপাহেৰে দুবেলা দুমুঠি
তালৈকে যুগুতাওঁ,
দেও দি দেও দি কত যে নাচোন
তাৰেই হিঁয়া জুৰাওঁ ।
হেঙুলীয়া আবেলিৰ অস্ত আকাশত
ৰঙা সুৰুজৰ ৰং চাওঁ
কিজানিবা তাতেই তোমাক লগ পাওঁ...
জানাইতো,
কেতিয়াবা কেতিয়াবা আগচোতালত বহি
সন্ধ্যা তৰাটি লৈ চাই চাই
তোমাৰে কথা হওঁ...
তুমি ৰুই থোৱা
নাহৰ, হাচ্নাহানা,আৰু
ৰঙা কৰবীৰ পুলি কেইটা
সযতনে ৰাখিছো,
জানো , তুমি আৰু নাহা...
তথাপি তোমাৰ আচবাব বোৰ
ধুই,শুকুৱাই সামৰি থৈছো,
জীয়াই আছো সেয়ে
মনত যে এটি
ক্ষীণ আশা পুহি ৰাখিছো,
কিজানিবা মোৰ হেৰোৱা পোনাটি
কাহানিবা উভতি আহেই
তাৰেই ক্ষণ গণিছো ।
মৰিগাওঁ
---------------------
val lagil
ReplyDelete