জোনাকৰ স'তে এনিশা





এখন নদীৰ বকিয়াত তুমি আৰু মই
তুমি হাঁহি থাকা
মই চাই থাকো নীৰৱে
একেথিৰে
বিচাৰি পাওঁ তোমাৰ মগ্নতাত
সুখৰ সকলো স্তৱক
একাবেকা পথটো পোন হৈ গৈ থাকে
ক্ৰমান্বয়ে..... 
তুমি আৰু মই একাত্ম হওঁ
নিঃস্ব ভাবে বিলীন হৈ যাও তোমাত
কাৰণ তুমি মোক দিব পাৰা
এমুঠি নাৰ্জী ফুলৰ আশ্বাস ।।

-----------------------------------

Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া