হেৰাই নাযাবা





তুমি মোৰ জীৱনৰ 
এটি সৰু তৰা,
তোমাৰ মাজতে আছে
মোৰ মৰমৰ ধৰা।

তুমি হাঁহিলে মোৰ 
বিষাদ আতৰে,
তোমাৰ চকুলোৱে মোক
নিমিষতে মাৰে।

তোমাক পাবলৈ মোৰ
মন ব্যাকুল,
মৰম তোমাৰ বাবে
আছে বিপুল।

জীৱনৰ লগৰী হৈ
তুমি থাকিবা,
জনমে জনমে মোৰ 
মৰম লবা।

কাহানিও তুমি প্ৰিয়া
আতৰি নাযাবা,
সপোনৰ ঘৰ ভাঙি
হেৰাই নাযাবা।

যুগে যুগে তোমাক মই
কাষতে বিচাৰোঁ,
মোৰ দুখৰ পৰত মই
তোমাক হাততে বিচাৰোঁ।

হেৰাই নাযাবা প্ৰিয়া
হেৰাই নাযাৱা,
জনমে জনমে তুমি
হৃদয়তে থাকিবা।

==================

Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া