এমুঠি জোনাক
কোমল কোমল খোজত
জীৱনৰ সোণোৱালী দিনবোৰ ।
ভটীয়নী নাওত জানো থিৰ কৰিব পাৰি ?
জানোছা হেৰাই যায়
আশাৰ বৈঠাখনি গভীৰতাৰ জলাধাৰত
শামুকবোৰো গৈছিল পিছে পিছে ধীৰ গতিত
সাগৰৰ উঠলি অহা ঢৌৱে
উটুৱাই লৈ গৈছিল
বালিবোৰৰ মাজে মাজে
আকৌ ওভতনি ঢৌত আহিল উভতি ।
হাতৰ পৰশ পাই
খুলি চালোঁ
মুকুতাযেন আছে জিলিকি
সূৰ্যৰ পোহৰত জিলিকি
চাট মাৰি ধৰিছিল মুকুতাৰ পোহৰবোৰ ।
আশাবোৰে দৌৰিছিল বেগাই যেন বেগান্ত অশ্বাৰোহী
দীঘলীয়া পথত
সোণাৰুৱে পাৰি থৈছিল
হালধীয়া চাদৰ খনি ।
আইতাই যে কৈছিল সাধুত
ৰাজকুমাৰীক লৈ আহিব বুলি ....
বেল হেন তামোল
কুলাহেন পাণ আছে বুলি ।
ৰাক্ষসী বুঢ়ীৰ পিঠিত
আৰি দিছিল
জীৱনৰ জিউ লাউটো
ভাঙিব দিব নোৱাৰি
য'ত আছে জীৱনৰ আশা-আকাংশাবোৰ
হেৰাই যাব দিব নোৱাৰি
জীৱনৰ ৰংবোৰ ।
বিচাৰিব লাগিব এটি মৃদু বতাহ
ফাগুনৰ ৰংবোৰ গাত চটিওৱা ।
Comments
Post a Comment