জেওৰা






    কিমান আৰু বাটিব আপোনাৰ 
    বাৰীৰ জেওৰা
    গছবোৰে বাধা মনা দেখিছে ?
    গছবোৰে মাত্ৰ বাঢ়ি যাব জানে ।
    সিহঁতেতো নাজানে 
    আপোনাৰ সীমা ক'ত ।
    ক'ত অনাধিকাৰ প্ৰৱেশ ।

    গছৰ বাবেতো গোটেই পৃথিৱীখনেই ঘৰ ।
    আৰু ঘৰত জানো সীমাৰ প্ৰসংগ আহে !
    সেয়েহেতো সিহঁতে আপোনাৰ 
    জেওৰাৰ ফাঁকবোৰৰ অজুহাত লৈ
    বাঢ়ি আহে লাহে লাহে 
    জেওৰাৰ অস্তিত্বক আওকাণ কৰিবলৈ 
    সিহঁতক বেছি পৰ নালাগে ।

    সেয়েতো সিহঁত গছ 
    সেউজীয়াবোৰ সিঁচি সিঁচি 
    জীৱনৰ সুৰ তোলা একো একোটা গান ।

    সেউজীয়াবোৰে মাথোঁ বাঢ়ি যাব জানে 
    আপোনাৰ বাৰীৰ সীমা নেওচি 
    অথবা হৃদয়ৰ...
    সেউজীয়াবোৰে মাথোঁ বাঢ়ি যাব জানে ।


              

-----------------------------

Comments

Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

সপোনৰ দুৱাৰ