প্ৰকৃতি
সেউজী ৰাণী কি যে মোহনীয়া তুমি
সেউজ মানেই নহয় জানো জীৱন যৌৱন
ইমানেই ধুনিয়া তুমি চালে চকুৰোৱা
কুল কুল সুৰৰে বৈ আহে নিজৰা
টোপ টোপ কৈ বৰষুণৰ টোপোল
যেন নপূৰৰ ঝংকাৰ
ৰিৱ ৰিৱ কোমল বতাহ নহয় জানো
তোমাৰেই পৰশ
যেনিয়ে চাও তেনিয়ে কি যে বিতোপন
কিযে মোহনীয়া তুমি ।
ৰ'দ বতাহ বৰষুণ গছ বন পশু পক্ষী
ফুল তৰা পোক পৰুৱা পখিলাৰে
কি যে মোহনীয়া কি যে বিতোপন
আমাৰ সেউজী ধৰা ।
যাৰ ৰূপৰ তূলনা নাই যি তূলনা বিহীন
৫ জুন , বিশ্ব প্ৰকৃতি দিৱস
তোমাৰ নামতেই আমি কৰিছোঁ প্ৰতিজ্ঞা
তোমাক সজাই তোলাৰ দায়িত্ব আমাৰ
কোনোৱে যদিও তোমাক কৰিছে আঘাত
ক্ষেমিবা আই মাতৃ
তুমি অবিহনে আমিও নিৰুপায়
সেউজী ৰাণী প্ৰকৃতি ৰাণী
স্বাগতম , স্বাগতম , স্বাগতম
---------------
এই সেউজী ধৰণী সদায় সেউজ কৰি ৰখাৰ দায়িত্ব মানব সমাজৰ।
ReplyDeleteপ্ৰকৃতি আমাৰ প্ৰাণ
ReplyDelete