নাজানিলোঁ
মোৰ হৃদয়ৰ যে অসুখ
বিজ্ঞাপন এটি দি
নহ’ল আঁৰি দিয়া,
তুমিও নেদেখাটোৱে স্বাভাৱিক
এইযে মিছলীয়া হাঁহিটো সিয়ে জগৰীয়া ৷
তোমালৈ বুলি মৌন ভাষাৰে লিখা কবিতাটি
শেৱালিৰ লগতে তলসৰা হ’ল
সূৰুযমুখীৰ দৰে চকুত চকু থবলৈ
অপূৰ্ণ হৈয়ে ৰ’ল ৷
নাজানিলোঁ
প্ৰেমিক চৰাই হ’বও নাজানিলোঁ
সময়বোৰ কুটি কুটি মিছাতে বোন্দাপৰ,
সেউজীয়াবোৰ ক’ত হেৰুৱালোঁ
ফাগুণ নহাকৈ নগ্ন হ’লোঁ ৷
সেউজীয়া হৈ থকাৰ মন্ত্ৰটি
দিছিলে পিতাই হাতৰ মুঠিত
বিশ্বাসেৰে গুপুতে,
সেইটোও ধৰি ৰাখিব নাজানিলোঁ ৷
বোকা-পানী নগচকো বুলি
কৃষকৰ ল’ৰাই বিদ্ৰোহ কৰিলে কেনেকৈ হ’ব,
আমিতো সোণৰ চামুচ মুখত লৈ
ৰূপৰ পালেঙত জন্মা নাই ৷
নাজানিলোঁ
আদৰ কৰিব নাজানিলোঁ
নুবুজিলোঁ
বসুন্ধৰাৰ আঁচলৰ উম ৷
উভতিম
পুনৰ উভতিম
যদি সেউজীয়া হ’ব পাৰোঁ
অপূৰ্ণ কবিতাটি পূৰ্ণ কৰি ৷
~~~~~~~~~~~~~~~~~~
Comments
Post a Comment