আকৌ নতুন প্ৰভাত হওঁক
পুৱাৰ চৰাই চিৰিকতীৰ
বিননিত সাৰ পালোঁ ।
কাঁচিয়লি ৰ'দে উষ্ম আদৰণি জনালে ।
নাই যে নতুনত্ব
সেই একেই বিভীষিকা
সেই একে পৰিৱেশ ।
ভাগৰুৱা হৈ পৰিছো
বন্ধ কোঠাত কিমান
আবদ্ধ থাকিম ?
উশাহ ল'বলৈ যেন
শুদ্ধ বায়ুৰ অভাৱ
জীয়াই থাকিম নে ?
ভাবিব লগীয়া হৈছে !!
ৰুষ্ট প্ৰকৃতি আজি
মানুহক সুখ লাগে, অট্টালিকা লাগে
জানে নে ? প্ৰকৃত অৰ্থত
সুখৰ সংজ্ঞা কি ?
প্ৰকৃতিক ধ্বংস কৰি আজি
নিজেই ভাৰাক্রান্ত
হৈ পৰিছে মানব জাতি,
ক'ৰ'ণাই শিকাই দিলে
জীৱনটো কিমান কঠিন
পলকতে সকলো শেষ হৈ যায় ।
ঘুৰি আহক আমাৰ শান্তিৰ
ধৰণীখন য'ত লৈছিলো শান্তি
নিশ্বাস ।
আকৌ নতুন প্ৰভাত হওঁক ।
----------%%--------
Comments
Post a Comment