ৰাতিৰ কবিতা





পুৱাৰ ৰ'দালিত লাহে লাহে
অংকুৰিত হয় 
এটি সোণোৱালী স্বপ্ন,

ৰ'দ জিলমিল 
স্ৰোতস্বিনী নদীৰ বুকুৰ
ভটিয়নি সোঁতত 
উঁটি-ভাঁহি যায়
জীৱনৰ এটি এটি তৰঙ্গ,

সূৰ্য্যাস্তৰ পাছতেই এন্ধাৰ নামিব
লুকাই পৰিব দিনৰ সমস্ত বৈভৱ,
এন্ধাৰ বিদ্ৰোহী মোৰ ৰাতিৰ কবিতাটি 
জোনাকত উমলি থাকক ।


গীতালি মহন্ত । মৰিগাওঁ ।

~~~~~~~~~~~~~~~~~~~~~~~

Comments

Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

সপোনৰ দুৱাৰ