প্ৰেম



প্ৰেম জানো খুজিলেই দিব পাৰি ?
প্ৰেম জানো বিচাৰিলেই পাব পাৰি ?
প্ৰেমৰ যে বহুত দাম !!
ধনেৰেও কিনিব নোৱাৰি ।
আজীৱন বৈ থাকে তৃষাৰ নৈখনি
নিৰৱে,হৃদয় পৃথিৱীত,
বাট চাই নিৰৱধি স্বাস্বত এক হৃদয় স্পন্দন য'ত প্ৰেম জিৰাব খোজে ।
উপচাই দিব প্ৰেমে আশ্ৰিত 
উপকূল,
 যদিহে পাই নিঃস্বাৰ্থ মৰমৰ নিবিড় নিৰাপত্তা ।
নীলিম, সুন্দৰ প্ৰেমৰ মনাকাশ
বিশাল হৃদয়ৰ অপূৰ্ণ হাবিয়াস । 
প্ৰেম যে এনেকুৱাই ,পাৰ্থিব ৰঙেৰেও বোলাব নোৱাৰি ।

                                                                                        গুৱাহাটী।
----------------------------

Comments

  1. প্ৰেম সত্য আৰু সুন্দৰ।। ❤️

    ReplyDelete

Post a Comment

Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

নাৱৰীয়া

সপোনৰ দুৱাৰ