ৰঙা গোলাপ পাহ

    

 


সৌ যে ৰঙা গোলাপ পাহ
আমি লগপোৱাৰ প্ৰথমটো স্মৃতি 
তোমাৰ বাৰু মনত আছে নে ?
নৈ পাৰৰ উন্মনা বতাহ যাক ।

তোমাৰ হাতত হাত থৈ কহুৱা
বোৰৰ মাজে মাজে মই যে 
পখিলা খেদিছিলো, আৰু
তুমি মোলৈ ৰʼলাগি 
চাই আছিলা চকুৰ পতা নজপোৱাকৈ ।

ভাল লগা আছিল নহয় 
তোমাৰ মোৰ একান্ত ব্যক্তিগত
সময় বোৰ, মই তোমাৰ বুকুত 
মূৰ থৈ উচুপি উঠিছিলো 
তুমি কিন্তু মোক এৰি কেতিয়াও
নাজাবা দেই বুলি কৈ ।

আৰু তুমি যে মোক শান্তনা দিবলৈ
ৰঙা গোলাপ পাহ মোৰ দীঘল 
বেনী দালত গুজি দিছিলা
কপালত এটা মিঠা চুমা আকিঁ ।

ভাল লাগে জানা স্মৃতিবোৰ 
সুৱঁৰি অনুভৱ বোৰৰ মনিকোঠাত
তুমি গুজি দিয়া সৌ ৰঙা 
গোলাপ পাহ আৰু বেছি ৰঙা 
হৈ ফুলি উঠে ।। 
 
     

********************* 

Comments

  1. মনত পৰে সেই দিনতোৰ স্মৃতি বোৰলৈ...

    ReplyDelete

Post a Comment

Popular posts from this blog

সপোনৰ দুৱাৰ

তোমাক ভাল পাওঁ বাবেই

নাৱৰীয়া