এখন অৰণ্যৰ কবিতা

এখন অৰণ্যৰ কবিতা এজাক বৰষুণৰ বাবে ৰৈ ৰৈ আৰণ্যখন শুই পাৰিছিল পাখি লগা ডাৱৰবোৰে শুকুলা সাজ পিন্ধি আকাশত বনাই ফুৰিছিল তেতিয়া গছবোৰে টোপনিতে বুৰ বুৰাইছিল লতাবোৰ বগাই গৈছিল চেঁচা খাৱৈ এটা বিচাৰি চুটি চাপৰ বনবোৰে যেতিয়া প্রার্থনা এটা গাবলৈ আৰম্ভ কৰিছিল চৰাইবোৰ নিচ্ছুপ হৈ থাকিব পৰা নাছিল নতুনকৈ গজা পাখিবোৰ লিৰিকি হেৰুৱা ঋতুবোৰ বিচাৰি আৰণ্যখন চলাথ কৰিছিল যাওঁ বুলি বতাহ জাকো যাব পৰা নাছিল গছৰ ওখ ডালবোৰত বান্ধি থোৱা গাঁঠিবোৰ খুলিবলৈ বৰ কষ্ট হৈছিল নদীখন ভাৰ বৈ আনিব পৰাকৈ শক্তিও নাছিল বতাহজাকৰ আৰু নদীখন শুকান পাতত মুখ গুজি কান্দি আছিল বহু পৰ ...