এখন অৰণ্যৰ কবিতা

এখন অৰণ্যৰ কবিতা 



    এজাক বৰষুণৰ বাবে ৰৈ ৰৈ 
    আৰণ্যখন শুই পাৰিছিল
    পাখি লগা ডাৱৰবোৰে শুকুলা সাজ পিন্ধি আকাশত বনাই ফুৰিছিল         তেতিয়া 

    গছবোৰে টোপনিতে বুৰ বুৰাইছিল
    লতাবোৰ বগাই গৈছিল 
    চেঁচা খাৱৈ এটা বিচাৰি 

    চুটি চাপৰ বনবোৰে যেতিয়া প্রার্থনা এটা গাবলৈ আৰম্ভ কৰিছিল
    চৰাইবোৰ নিচ্ছুপ হৈ থাকিব পৰা নাছিল
    নতুনকৈ গজা পাখিবোৰ লিৰিকি
    হেৰুৱা ঋতুবোৰ বিচাৰি আৰণ্যখন চলাথ কৰিছিল 

    যাওঁ বুলি বতাহ জাকো যাব পৰা নাছিল
    গছৰ ওখ ডালবোৰত বান্ধি থোৱা গাঁঠিবোৰ
    খুলিবলৈ বৰ কষ্ট হৈছিল
    নদীখন ভাৰ বৈ আনিব পৰাকৈ
    শক্তিও নাছিল বতাহজাকৰ 

    আৰু নদীখন

    শুকান পাতত মুখ গুজি কান্দি আছিল
    বহু পৰ 
    হয়তো মাহ, বছৰ
    অৰণ্যৰ বুকুত সোমাও বুলিও সোমাব পৰা নাছিল
    নদীখনৰ তেতিয়া সিমানবোৰ শক্তি নাছিল 

    ফুলবোৰ মৰহিছিল
    ফুটুকী পখিলাৰ পাখিত লাগি
    ফিচিকিছিল চনকা পাপৰি
    সিহঁতৰ পিয়াহ লাগিল 
    পখিলাবোৰে গোটেই ৰাতি শিতানত উচুপি আছিল
    ভোমোৰাবোৰ কাষ চপা নাছিল 

    ফুলবোৰ নৰীয়াত পৰিছিল
    বৰ টান নৰীয়াত 

    শুকুলা ডাৱৰবোৰে তেতিয়াও ঠেঁহ পতা নাছিল
    চেঁচা বতাহ জাকে তেতিয়াও জোকোৱা নাছিল 

    অৰণ্যখন লাল কাল টোপনিত নিথৰ হ'ল
    জিলিৰ চিঞৰবোৰ লাহে লাহে নুশুনা হৈ আহিল
    আৰণ্যখনে বৰ ভাগৰুৱা অনুভৱ কৰিছিল। 

    হঠাৎ এদিন শুকুলা ডাৱৰে ঠেঁহ পাতিলে
    আৱেগত ওফোন্দ পাতি পাতি
    মাজ নিশা অৰণ্যৰ বুকু তিয়াই
    হেঁপাহ পলুৱাই কান্দিলে
    ডাৱৰৰ দুখবোৰ সাৱটি সেইদিনা
    আৰণ্যখন চপচপিয়াহল 

    ফুলবোৰ নৰীয়াৰ পৰা উঠিল
    গছবোৰে সাৰ পালে
    চুটি চাপৰ বনবোৰে তেতিয়াহে প্রার্থনা সমাৰিলে
    নদীখন গাভৰু হবলৈ নেপালেই
    চৰাইবোৰে গীত এটি জুৰিলে
    বৰষুণৰ গীতটিয়ে নদীখনক বুকুলৈকে তিয়াই পেলালে। 

    


----------------------

Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া