অস্তমিত অস্তিত্ব
বিদীৰ্ণ সময়, বিপন্ন প্ৰহৰ
বৃক্ষই কান্দিছে ফেকুৰি
বিস্তৃৰ্ন শিপাই খামুচি ধৰা মাটিৰ পৰা বিচ্ছিন্ন হব লাগিব টলবল যৌৱনৰ গান জিৰিজিৰি,
কলপতীয়া জীৱনৰ ছাঁ নিৰিবিলি।
পখীৰ বনৰীয়া গুঞ্জন,
ঋতুৰ বৰণীয়া সাজ খুলি বৃক্ষ আজি মৃয়মান।।
মানৱৰ শুনি গুণাগথা বৃক্ষই গনিছে প্ৰহৰ,
কোনোবা মুহূৰ্তত খহি পৰিব তাৰ সুবিশাল কলেৱৰ।
সাক্ষী মাথো সি অনেক ইতিহাসৰ।
তাৰ প্ৰসাৰিত দুচকুত আজিও সজীব মানৱৰ উত্থান পতন।
তাৰ বিশালতাত আশ্ৰিত বিহংগৰ ৰহনীয়া মৌচাক।
কাউৰীৰ পৰা কুলি হোৱাৰ ঐতিহাসিক ক্ষণ গণি মিচিকিয়াই হাঁহিছিল বৃক্ষই।
আমোদকৰ খেলখনৰ সিয়েই টো একমাত্ৰ সাক্ষী!!
তাৰ প্ৰসাৰিত পাহুৱাল ছাঁত শাত পৰিছিল পথিক হৃদয়।
মানৱৰ শান্তিৰ জুৰণি তাৰ কৈশোৰ, তাৰ যৌৱন।
কিন্তু হায়!! বৃদ্ধ আজি সি
বুদ্ধত্বৰ দো খোৱা চাৱনিৰে সি মাথো চায় মাটিলৈ
মাটিৰ কোমল হৃদয় হে হব তাৰ শান্তিৰ আশ্ৰয়।।
ক্ষন্তেক পিছতে সিহঁতে ভাঙিব তাৰ বিস্তৃত বাহুবোৰ মুচৰিব তাৰ সেউজীয়া উশাহটোও,
যি উশাহত জীয়াই থাকে সিহঁতৰ উত্তপ্ত কলিজা বোৰ।
তাৰ বীজৰত্ন ৰে পালিত হয় সিহঁতৰ ভোকবোৰ।
কিন্তু হায় !!!
আসুৰিক আত্মাই নাজানে কৃতজ্ঞতাৰ ভাষা,
সম্পদৰ বিলাসীতা, প্ৰগতিৰ অহংকাৰত হেৰুৱাইছে নিজৰেই এটি এটি উশাহ।
বৃক্ষই মাথো কাঢ়ে হুমুনিয়াহ ...
মাটিয়ে কয় বৃক্ষক...
"দুখ নকৰিবা বন্ধু,তোমাৰ আৰু মোৰ দুয়োৰে সহৃদয়
সিহঁতৰ বাবেই কৰো জীৱনৰ ত্যাগ।
স্বাৰ্থপৰে নাজানে দিব ত্যাগীৰ মূল্য।।
সিহঁতক উশাহ নালাগে লাগে কেৱল প্ৰগতিৰ অহংকাৰ।।
বন্ধু তুমি মোৰ চিৰকালৰ, জীৱন সত্তাও তোমাৰ বাবে চিৰ প্ৰবাহমান।।
কাঢ়িলেও তোমাৰ বিশাল জীৱন , ছিঙিলেও প্ৰসাৰিত হাতবোৰ
আজুৰি নিব নোৱাৰে সেউজীয়া হৃদয়খন।
মিলিবা পুনৰ আহি মোৰেই বুকুত য'ত পালিত হৈছিল তোমাৰ বৰণীয়া হৃদয়।।
তোমাৰ বাবেই ৰাখিছো সজাই মোৰো এই উদাৰ হৃদয়
গজাম তোমাক আকৌ মোৰেই সঞ্জীৱনীৰে
গজালি মেলিবা পুনৰ এডাল কল্পবৃক্ষ হৈ।।"
---------------------
Comments
Post a Comment