মাতাল
সকলো মাতাল -
কোনো সুৰাত, কোনো টকাত
মই তেওঁৰ প্ৰেমৰ ৰাগিত মাতাল।
মনৰ কথা মনতে ৰই
কত ঢৌ উঠে আৰু নামে
মনৰ ভয়, সংকোচৰ দৰে অশান্ত মায়াৰ
বাবে কব নোৱাৰো মই।
তথাপিও এবাৰ বুজি লোৱা -
মোৰ অস্থিৰ চকুহাললৈ চাই,
মোৰ আৱেগবিহ্বলত উত্তাৱল
হৃদয়ৰ ভাষাৰ মায়াজাললৈ চাই।
বসন্তে বসন্তে বসুধাক
পাঁও যি দৰে
মইও পাঁও মোক
ঠিক সি দৰে।
যেন -
কুলি - কেতেকীৰ মাতে মুখৰিত
নানা ফুল, কুঁহিপাতে সৰ্জ্জিত
শান্ত নদীৰ দৰে মাৰ্জ্জিত
সুৰুযৰ কেচাঁ হেঙুলৰ দৰে স্নেহিত
গচ্ছিত ফুলৰ দ্বাৰা সুগন্ধিত
জেতুকাৰ দ্বাৰা ৰঞ্জিত
সমুদ্রৰ দৰে একত্রিত
মৌৰ দৰে স্বাদিত
আকাশৰ দৰে বিস্তাৰিত
মাথো তেওঁৰ প্ৰেমত ৰক্ষিত।
হৃদয়ৰ ক্ষুধাৰ বাসনা
পলে পলে যাতনা
কত আহে আৰু যায় ।
তেওঁৰ ধ্যানতেই মগ্ন
তেওঁৰ ৰূপতেই মুগ্ধ
তেওঁৰ ভাৱনাতেই থাকো বুৰ,
অন্তৰৰ বিষাদ অন্তৰে জানে
লুকুৱাই ৰাখিছে দেহৰ হৃদি- শোণিতত।
মাথো সাগৰৰ ঢৌৰ দৰে
ক্ষন্তেকতে আহে আৰু যাই।
পাৰতেই ৰৈ চাইছো তাৰ
উঠা নমা খেলা,
দিয়া নাই এটিও খোঁজ আগে আৰু পিছে
ভাবি ভাবি আলেখ লেখ পঠিয়াইছো
কত বেলা।
সেইয়ে আজি মাতাল মই নিজেই নিজতে
বিৰামহীন জীৱনৰ অস্থিৰতাত
এই হেৰাই পাঁও আকৌ মিলি যাঁও
বতাহৰ সৈতে ডাৱৰৰ লগত
পানী হৈ পৰিম, পুনৰ মিলিম
পুনৰ গৰজি বৰষিম।
Comments
Post a Comment