তোমাক ভাল পাওঁ বাবেই

 


তোমাক ভাল 
পাওঁ বাবেই পৃথিৱী খন 
ধুনীয়া দেখোঁ 
সেউজীয়াত সপোন
 বিচাৰি পাওঁ ।
নালাগে! জানিব নিবিচাৰো 
প্ৰেমৰ গভীৰতা কিমান? 
তোমাক ভাল পাওঁ বাবেই 
হৃদয়ৰ পৰা নিগৰে 
কবিতাৰ শিৰোনাম ,
অনুভৱ বোৰ শব্দ হৈ গুঞ্জৰিত হয় 
এটি মিঠা অনুৰাগ ।
তোমাক ভাল পাওঁ বাবেইটো 
নিজকে শিকিবলৈ লৈছো 
জীৱনটো ৰঙীণ,আছে হেঁপাহৰ ৰং 
যি ৰঙেৰে আঁকিব পাৰি সাতোৰঙী 
ৰামধেনু ,
সপোনৰ দলিচা পাৰি ।




----------------------------------

Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া