অনুভৱ
সেউজ কোমল উপত্যকাত নিনাদিত নীড়মুখী পক্ষীৰ কাকলি ।
স্মৃতিৰ বাকৰিত অনুভৱৰ দিনলিপিত খুদিত মোৰ শৈশৱৰ ধেমালি ।
কৈশোৰৰ জালিকটা বেৰৰ জলঙাই, বাগৰি আহে মোৰ যৌৱনৰ ৰ'দালি ।
পাখিমেলে সোনোৱালী সপোনৰ গজালি বাউলি সময়ে খেলে জীৱনৰ হেতালি ।
আবেলি বতাহে কোবাই মোৰ নিহালি আজি বিচাৰিলে জানো পাম ? আৱেগৰ সেই স্বপ্নময় শেৱালি ।
সেউজ কোমল উপত্যকাত
নিনাদিত নীড়মুখী পক্ষীৰ কাকলি ।
স্মৃতিৰ বাকৰিত অনুভৱৰ দিনলিপিত খুদিত
মোৰ শৈশৱৰ ধেমালি ।
কৈশোৰৰ জালিকটা বেৰৰ জলঙাই,
বাগৰি আহে মোৰ যৌৱনৰ ৰ'দালি ।
পাখিমেলে সোনোৱালী সপোনৰ গজালি
বাউলি সময়ে খেলে
জীৱনৰ হেতালি ।
আবেলি বতাহে কোবাই মোৰ নিহালি
আজি বিচাৰিলে জানো পাম ?
আৱেগৰ সেই স্বপ্নময় শেৱালি ।
hei rodalir rod puai bilin hbo khuje ne?
ReplyDelete