পিতাই মোৰ বুঢ়া হ'ল
সিদিনা তেওঁৰ মুখলৈ চাওঁতে
মোৰ অৱচেতনা মনটোৱে কৈ উঠিল
"পিতাই মোৰ বুঢ়া হ'ল"।
হয় বাৰু পৰিছে দাড়ি- চুলিত
বগা ৰঙৰ হায়তাল
তথাপিও তেওঁৰ চকুত
হাজাৰ সপোন আঘোণ জয় কৰাৰ।
দেখিছো পিতাইৰ ঘোলা চকুযুৰিয়ে
খঙত ৰঙা কৰি চোৱা
তৎক্ষণাৎ ধূলিয়ৰি মন
নিয়ৰ পৰি সেমেকা হয়,
'আইলা' বিলৰ ডাঙৰ বৰালিতো
পলহত ওলমাই আনি
কৰিবহি আমাৰ মন জয়।
পিতাইৰ মোৰ খেতিয়ক, ককাৰ পিছে পিছে
নাঙলৰ মুঠিত ধৰিছিল, নহ'ল পঢ়াশালি গচকিব
মোৰ সাতো জনমত তেওঁ
'পিতাই' নায়কৰ খিতাপ জিনিব।
Comments
Post a Comment