মাতৃলৈ কন্যাৰ চিঠি

 

    মা তুমি কুশলে আছা নে?
    তোমালৈ বৰকৈ মনত পৰিছে অ 
    দিনবোৰ গধুৰ হৈ পৰে 
    নিশাবোৰ হৃদয়ৰ উচুপনি হৈ সৰে ।
    তোমাক ক'বলৈ বহুত কথাই আছে 
    কম বুলি ভাবিও থমকি ৰওঁ 
    তুমিটো জানাই মা 
    মই সুখী ।
    তথাপিও চোন চকুলো নিগৰে 
    হৃদয়ত গুজ্ঞৰিত হয় এটি অবুজন বিষ ।
    তুমি নজনাকৈ মই সুখী হোৱাৰ অভিনয় কৰোঁ 
    কিয় জানা? তুমি মোক দুখী হোৱা নিবিচৰা 
    কিন্তু মা সুখী হম বুলি জানোঁ হব পাৰি?
    তথাপিও শিকিছো দুখৰ আৱৰণ খন পিন্ধি সুখী হ'বলৈ 
    তোমাৰ পৰাই শিকিছো 
    দুখক জয়ী কৰিব'লৈ ।
    তথাপিও তুমি চিন্তা নকৰিবা 
    মই কুশলে আছোঁ ।


নলবাৰী ।

Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া