দা ক'ল্ড নাইট


ৰেড ৱাইনৰ বটলটোৰ পৰা সমানে দুয়োটা গিলাচত বাকী মেথিউৱে আনটো গিলাচ ৰবাৰ্টলৈ আগুৱাই দিলে | খ্রীষ্টমাছৰ সময় |বাহিৰত প্রৱল তুষাৰপাত |সেইবাবে এই নিশাটো ভালদৰে উপভোগ কৰিবলৈ মেথিউ ৰবাৰ্টৰ ঘৰলৈ আহিছে |মন কৰিলে ৰবাৰ্টো মেথিউৰ ঘৰলৈ মদ্যপানৰ বাবে যাব পাৰিলেহেঁতেন কিন্তু মেথিউৰ পত্নী ইভলীনা আৰু ৰবাৰ্টৰ পত্নী লিণ্ডা দুয়ো নৈশ পাৰ্টীৰ বাবে যোৱাত মেথিউৱে ৰবাৰ্টক আগতীয়া খবৰ নিদিয়াকৈয়ে পকেটত ৰেড ৱাইনৰ বটল এটা লৈ সিহঁতৰ ঘৰ পালেহি |

বাহিৰত বৰফ পৰাৰ শব্দবোৰে নিশাটোৰ কিবা এটা অদ্ভূত মায়া জগাইছে |ফ্রাই কাজুৰ প্লেটখনৰ পৰা এটা দুটাকৈ কাজু মেথিউৱে খাবলৈ ধৰিলে |

"আৰু কোৱা মেথিউ,তোমাৰ ব্যৱসায় বৰ্তমান কেনে চলিছে?"

ৰবাৰ্টৰ প্রশ্নটোত মেথিউ অলপপৰ তভক মাৰি ৰ'ল |

"তোমাৰ আগত লুকুৱাবলৈ একো নাই |ব্যৱসায় বৰ এটা ভাল নহয় |ষ্টক মাৰ্কেটৰ শ্বেয়াৰবোৰৰো সঠিক দাম পোৱা নাই তথাপিও কিবা কৰি চলাই আছো আৰু |"

"এইবোৰ থাকেই আৰু ব্যৱসায়ত |তুমি নিজৰ মনোবল নেহেৰুৱাবা মেথিউ |কিবা সহায় লাগিলে কবা মোৰ ফালৰপৰা পৰাখিনি দিম |"

ৰবাৰ্টৰ কথাষাৰ শেষ হয় মানে মেথিউৱে পুনৰ এটা পেগ বনায় ৰবাৰ্টৰ সন্মুখত থলে |

"আচ্ছা সেইবোৰ বাদ দিয়া |তোমাৰ ঘৰ সংসাৰ কেনে চলিছে সেইটো কোৱা |লিণ্ডা আৰু তোমাক দেখিটো একপ্রকাৰৰ ভাল যেনেই লাগিছে |"

গিলাছৰ পৰা ৱাইনখিনি শেষ কৰি ৰবাৰ্টে মুখখন বিকটাই দিলে |

"সংসাৰ থিকেই চলিছে মেথিউ |লিণ্ডা আৰু মই ফেমিলী প্লেনিংৰ কথা ভাবি আছো |সন্তান এটাৰ প্রয়োজনীয়তা বৰ্তমান আহি পৰিছে বুলি আমি দুয়ো ভাবো |"

 "বৰ ভাল কথা |ইভলীনা আৰু মোৰহে বৰ এটা ভাল চলি থকা নাই |অলপদিনৰ পৰা সৰু সৰু কথা কিছুমানত লাগি আমাৰ কাজিয়া হৱলৈ ধৰিছে |পতি-পত্নীৰ মাজত কাজিয়া থাকেই কিন্তু ইভলীনা মোৰ প্রতি বৰ অমনোযোগী নিচিনা হৈছে |নাজানো কিয় তাই যেন নতুনকৈ আকৌ কাৰোবাৰ প্রেমত পৰিছে |"

"কি কোৱা মেথিউ?ইভলীনা আৰু তোমাৰটো প্রেম বিবাহ |তেনেস্থলত ইভলীনা নতুনকৈ আকৌ কাৰ প্রেমত পৰিব পাৰে বুলি তুমি ভাবা?"

মেথিউৱে তাৰ সকৰুণ চকুহাল তুলি ৰবাৰ্টৰ ফালে চালে |

"এৰা !ইভলীনা আৰু মোৰ জোৰদাৰ প্রেম আছিল এসময়ত |তাইক পাবৰ বাবে যে মই কি কি কৰা নাছিলো |তুমি জানা ৰবাৰ্ট এবাৰ ইভলীনা কলেজত থাকোতে তাইৰ সহপাঠী এজনে তাইক প্রেমৰ প্রস্তাৱ দি দি অশান্তি কৰি আছিল |মই তেতিয়া নতুনকৈ ব্যৱসায়ৰ কাম আৰম্ভ কৰিছোহে মাথো |এদিন সেই ল'ৰাজন কৰবাৰ পৰা অকলে আহি আছিল |সন্ধিয়া সময়ত কোনোবাই তাক লোহাৰে কোবাই এখন হাত ভাঙি দিছিল |চিৰজীৱনলৈ সি ঘূণীয়া হৈছিল |তাক আক্রমণ কৰা মানুহজন যে মই আছিলো আজিকোপতি কোনেও নাজানিলে |"

ৰবাৰ্টে আচৰিত হৈ মেথিউৰ ক্রোধত আৰক্ত মুখখন চালে |কথাখিনি কওঁতে মেথিউৱে ফোঁপাইছে |

"যিজনী ইভলীনাক পাবৰ বাবে মই ইমানখিনি কৰিব পাৰিছিলো,তুমি কি ভাবা এতিয়া তাইৰ নতুন প্রেমিকক মই কি শুদাই এৰিম?"

"মেথিউ,তুমি কি কব বিছাৰিচা?"

"কবলৈ বহুত কথাই আছিল ৰবাৰ্ট |সিদিনা তোমাক আৰু ইভলীনাক একেলগে হোটেলত নেদেখা হ'লে মই গমেই নাপালোহেঁতেন যে ইমানদিনে বন্ধুৰ নামত যে মই সাপ পুহি ৰাখিছিলো |তোমাৰ বিশ্বাসঘাটকতাৰ শাস্তি তুমি পাবা ৰবাৰ্ট |তোমাৰ ৱাইনত মিহলাই দিয়া কীটনাশক খিনিয়ে ইতিমধ্যে কাম দিবলৈ আৰম্ভ কৰিছে |"

চকীখনৰ পৰা বাগৰি হাত ভৰি জোকাৰি নিথৰ হৈ পৰা ৰবাৰ্টৰ মুখলৈ চাই হাঁহি এটা মাৰি মেথিউ থিয় হ'ল |লিণ্ডা অহাৰ আগতেই মেথিউ ৰবাৰ্টৰ ঘৰলৈ যে আহিছিল তাৰ সকলোখিনি প্রমাণ নষ্ট কৰি সি ঘৰলৈ খোজ ল'লে | অভাৰকোটতোৰ পকেটত হাত ভৰাই আহোতেই কিনি অনা গোলাপ ফুলপাহত মেথিউৱে আলফুলে হাত বুলালে |ইভলীনাৰ বাবে ইয়াতকৈ ভাল বৰদিনৰ উপহাৰ আৰু কি হব পাৰে |

------------

Comments

Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

সপোনৰ দুৱাৰ